টিককৰ কয়লা খনিৰ ঘটনাৰ নতুন মোৰ;কয়লা ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ ২ কোটি ৯৯ লাখ টকা

নিউজ ডেস্ক,২৮মে’ : টিককৰ কয়লা খনিৰ ঘটনাৰ নতুন মোৰ ৷ মাৰ্ঘেৰিটাৰ এজন কয়লা ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযান।অভিযানত কয়লা ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ ২ কোটি ৯৯ লাখ টকা৷
মঙলবাৰে পুৱতি নিশাই আৰক্ষীয়ে চলাই অভিযান । ৰন লুংচাং নামৰ কয়লা ব্যৱসায়ীজনৰ ঘৰত চলাই অভিযান । অভিযানত উদ্ধাৰ হয় এই টকাখিনি।
লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লাখনিত ৩ শ্রমিকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে ব্যৱসায়ীজন জড়িত থকাৰ সন্দেহ।
বৰ্তমান পলাতক অৱস্থাত আছে কয়লা ব্যৱসায়ী ৰন লুংচাং।
লগতে পঢ়ক : Road Accident in Jagiroad : জাগীৰোডৰ ৰে’লৱে উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা