Road Accident in Merapani : তীব্ৰ বেগী ব’লেৰ’ বাহনৰ খুন্দা ই-ৰিক্সাত; আহত পাঁচগৰাকীকৈ যাত্ৰী

মেৰাপানী,২৮মে’ : মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা মেৰাপানীৰ নেঘেৰিবিলত এখন ই-ৰিক্সাত তীব্ৰ বেগী ব’লেৰ’ বাহনে পাছফালৰ পৰা খুন্দা মাৰে ফলত ই-ৰিক্সাত থকা চালকসহ পাঁচ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত লোকসকল একেটা চুবুৰীৰ বুলি জানিব পৰা গৈছে ।আহত লোকসকল ক্ৰমে মেৰাপানীৰ ৪নং তৰানি গাঁৱৰ পুষ্পলতা বৰা, জিনা সোণোৱাল, অনিমা শইকীয়া, অমৃত শইকীয়া, তৃষ্ণা শইকীয়া (কিশোৰী)(Road Accident in Merapani) ।
জানিব পৰা মতে, আহত লোকসকল একেলগে এখন ই-ৰিস্কাত গৈ থকা অৱস্থাত AS03-CC-5975 নম্বৰৰ ব’লেৰ পিকাপ বাহনে পিছফালৰ পৰা তীব্ৰ বেগত খুন্দা মাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি মেৰাপানীৰ সামূহিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে আটাইকেইজনকে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে। অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰা ব’লেৰ পিকাপ খন মেৰাপানী আৰক্ষীয়ে জব্দ কৰিছে।
লগতে পঢ়ক : Road Accident in Jagiroad : জাগীৰোডৰ ৰে’লৱে উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা