Road accident in Dhakuakhana : তীব্ৰবেগী মাৰুতি এলট’ বাহনৰ খুন্দা কঠাল গছত

নিউজ ডেস্ক,২৭মে’ : ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা ।সোমবাৰে পুৱতি নিশা প্ৰায় ৩-৪৩ বজাত ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মান পথৰ ফাটবিহু বাকৰিৰ সম্মুখত এখন তীব্ৰবেগী মাৰুতি এলট’ বাহনে পথৰ দাঁতিত থকা এজোপা কঠাল গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।মাৰুতি এলট’ খুন্দাৰ ফলত গাড়ীখনৰ সন্মুখ ভাগ চূৰ্ণ-বিচূৰ্ণ হয় । ফলত গাড়ীখনত থকা পৱন ফুকন(২৫) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয় ।
এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয় আৰু ততাতৈয়াকৈ ১০৮ সেৱাক যোগাযোগ কৰে। লগতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীকো অৱগত কৰে(Road accident in Dhakuakhana)।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে, যুৱকজনক প্ৰাথমিক চিকিৎসাৰ অন্তত আঘাতৰ পৰিমাণ জটিল হোৱাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। আহত যুৱকজন ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খজুৱা গাঁৱৰ ৰজনী ফুকনৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে মূৰ আৰু মুখ মণ্ডলত বহু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা পৱনৰ সৈতে আৰু দুজন যুৱক গাড়ীখনত আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। লগতে ঘটনা সংঘটিত হোৱাৰ পাছতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত যুৱক কেইজন পলায়ন কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে।
ইফালে দুৰ্ঘটনাত পতিত বাহনখন আৰক্ষীয়ে জব্দ কৰি থানালৈ নিছে । এ এছ ০৭-ইউ-২৯২৮ নম্বৰৰ গাড়ীখন পৱন ফুকনৰ পিতৃ ৰজনী ফুকনৰ নামত পঞ্জীভূত । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছে ।
লগতে পঢ়ক : Dead body Recovered in Meghalaya :মেঘালয়ত ৰহস্যজনক মৃত্যু গুৱাহাটীৰ যুৱকৰ