Encounter in Hailakandi : হাইলাকান্দিত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
হাইলাকান্দি,২৭মে’ : ৰাজ্যত পুনৰ এনকাউণ্টাৰ ঘটনা । পুনৰ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।
এইবাৰ হাইলাকান্দিত কুখ্যাত অপৰাধীলৈ আৰক্ষীৰ গুলী । হাইলাকান্দিৰ কালিবাড়ী ৰোডত ত কুখ্যাত অপৰাধী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Encounter in Hailakandi) ।
সোমবাৰে সংঘটিত হৈছে ঘটনা । হাইলাকান্দিৰ কালিবাড়ী ৰোডত এনকাউণ্টাৰ কাছাৰ আৰক্ষীৰ। ডকাইতৰ দলক খেদি আনি এনকাউণ্টাৰ কৰিলে আৰক্ষীয়ে। এনকাউণ্টৰত নিহত হয় দুৰ্ধৰ্ষ ডকাইত। নিহত হোৱা ডকাইতটোৰ নাম আফজল হুছেইন বৰভূঞা বুলি জানিব পৰা গৈছে।
লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবললৈ সক্ষম হৈছে আফজল হুছেইনৰ এক সহযোগীক। ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত চাঞ্চল্যই বিৰাজ কৰিছে।