Woman goes missing in Nagaon : ৫ মহীয়া কন্যা সন্তানক লৈ সন্ধানহীন মহিলা;মাতৃক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই
নিউজ ডেস্ক,২৬মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)। এতিয়াও কোনো শুংসূত্ৰ নাই সন্ধানহীন হোৱা বহু যুৱতী, বোৱাৰী আৰু মহিলাৰ ৷
এইবাৰ সন্ধানহীন নগাঁও জিলাৰ কঠীয়াতলীৰ এগৰাকী বোৱাৰী । সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে নগাঁও জিলাৰ কঠীয়াতলীৰ অন্তৰ্গত বৰহোলাৰ জ্যোস্না দাস নামৰ এগৰাকী বোৱাৰী।
জানিব পৰা মতে, সোমবাৰে কঠীয়াতলী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ যাও বুলি ৫ মহীয়া কন্যাক কোলাত লৈ ওলাই গৈছিল জ্যোস্না।তাৰ পিছৰে পৰা সন্ধান নাই বোৱাৰী গৰাকীৰ(Woman goes missing in Nagaon) ।
পৰিয়ালৰ লোকে বহু ঠাইত খবৰ লয় যদিও কোনো ধৰণৰ শুংসূত্ৰ নাপায়। উপাইহীন হৈ বৰ্তমান আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটো। মহিলাগৰাকীৰ আছে এটি কণমানি পুত্ৰ সন্তান। মাকক বিচাৰি হাবাথুৰি খাইছে পুত্ৰই।
যদি কোনো সদাশয় লোকে মহিলা গৰাকীৰ সম্ভেদ লাভ কৰে স্থানীয় আৰক্ষী থানা নাইবা 6001997783 নম্বৰত যোগাযোগ কৰিবলৈ স্বামীয়ে আহ্বান জনায়।
লগতে পঢ়ক : Road Accident in Nagaon : যাত্ৰীবাহী টেম্পুত খুন্দা বাছৰ