Assam man Goes Missing in Chennai : চেন্নাইত সন্ধানহীন বাক্সাৰ পাটলাৰ জয়ন্ত নাথ
নিউজ ডেস্ক,১৬মে’ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ এজন । কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing in Chennai) ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । এইবাৰ চেন্নাইত সন্ধানহীন বাক্সাৰ পাটলাৰ এজন লোক । সন্ধানহীন লোকজন বাক্সাৰ পাটলাৰ জয়ন্ত নাথ বুলি জানিব পৰা গৈছে ।
কৰ্মসংস্থাপন বিচাৰি তামিলনাডুলৈ গৈছিল পিতৃ-পুত্ৰই। কিন্তু কাম কৰি ভাল নোপোৱাৰ বাবে দুদিন পাছতেই উভতিছিল ঘৰলৈ। স্বগৃহলৈ ওভতাৰ পথতেই চেন্নাইত নিৰুদ্দিষ্ট হৈ পৰে জয়ন্ত নাথ। জয়ন্ত নাথৰ সন্ধান পালে 92898-82499 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।
লগতে পঢ়ক : Man Dies In Wild Elephant Attack In Udalguri : ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ