Local, Vocal, Global

পুনৰ মৃত্যুৰ কিৰীলি মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত

নিউজ ডেস্ক,২৬মে’ : ৰেট হল মাইনিঙত অঘটন। পুনৰ মৃত্যুৰ কিৰীলি মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত । পাটকাই পাহাৰত জীৱন্তে ভূগৰ্ভস্থ ৩জন কয়লা শ্ৰমিক। ৩ শ্ৰমিকৰ নাম দাৱা চেৰপা, জন আৰু ফিনাল বুলি জানিব পৰা গৈছে । শ্ৰমিক তিনিজন নেপাল আৰু মেঘালয়ৰ আছিল ।

লিডুৰ টিকক কলিয়ৰিৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত আছে এই খনি। পাহাৰখনত অবৈধভাৱে চলি আছিল কয়লাৰ খনন। নিশা প্ৰায় ১২.৩০ বজাত কয়লা খননৰ বাবে গৈছিল ৪ শ্ৰমিক।

খবৰ অনুসৰি, লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল । তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা বুলি আশংকা কৰা হৈছে ।

মাইনিঙৰ বাহিৰত কয়লা কঢ়িয়াই থকা এজন শ্ৰমিকৰ চকু সন্মুখতে এই ঘটনা সংঘটিত হয় । জীৱন্তে ভূগৰ্ভস্থ হোৱা শ্ৰমিক তিনিজনৰ এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ বুলি জানিব পৰা গৈছে । মেঘালয়ৰ দুজনৰ নাম জন আৰু ফিনাল বুলি গম পোৱা গৈছে ।

এই খবৰ বিয়পি পৰাৰ পাচতে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তিনি শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলায় ৷ অৱশ্যে বাতৰি প্ৰস্তুত কৰা সময়লৈকে তেওঁলোকৰ কোনো শুংসূত্ৰ পোৱা নাই । এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Assam Youth Goes Missing in Hyderabad : তেলেংগানাৰ হায়দৰাবাদৰ পাৰ্কৰ পৰা সন্ধানহীন ৰঙিয়াৰ যুৱক;অসম চৰকাৰলৈ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ