Assam Youth Goes Missing in Hyderabad : তেলেংগানাৰ হায়দৰাবাদৰ পাৰ্কৰ পৰা সন্ধানহীন ৰঙিয়াৰ যুৱক;অসম চৰকাৰলৈ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
নিউজ ডেস্ক,২৬মে’ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক । কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Youth Goes Missing in Hyderabad) ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing) ।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক । এইবাৰ তেলেংগানাৰ হায়দৰাবাদৰ পাৰ্কত ফুৰিবলৈ গৈ নিৰুদ্দেশ ৰঙিয়াৰ যুৱক ।
জানিব পৰা মতে, নিৰুদ্দেশ হোৱা যুৱকজন ৰঙিয়া নগৰৰ ৭ নং ৱাৰ্ডৰ ৰাহুল কলিতা ।ৰাহুল কলিতা তেলেংগানাৰ হায়দৰাবাদৰ এখন পাৰ্কত ফুৰিবলৈ গৈছিল আৰু পাৰ্কৰ পৰা নিৰুদ্দেশ হয় যুৱকজন ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়া নগৰৰ ৭ নং ৱাৰ্ডত ভাৰতীয়া হিচাপে থকা জিতেন কলিতা আৰু অঞ্জলি কলিতাৰ কনিষ্ঠ পুত্ৰ ৰাহুল কলিতাই আৰ্থিক সংকটত ভূগি হায়দৰাবাদলৈ কাম বিচাৰি গৈছিল প্ৰায় এবছৰ পূৰ্বে । হায়দৰাবাদৰ এটা কোম্পানীত কাম পোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালটো কোনোমতে চলি আছিল । কিন্তু যোৱা ১৪ এপ্ৰিলৰ সন্ধিয়া বন্ধুৰ সৈতে স্থানীয় এখন পাৰ্কলৈ ফুৰিবলৈ গৈ উভতি নাহিল ৰাহুল । তেতিয়াৰে পৰাই নিৰুদ্দিষ্ট হৈ আছে ৰাহুল ।
আশ্চৰ্যজনকভাবে এই সম্পৰ্কত ৰাহুলৰ বন্ধুক কোনো প্ৰশ্ন সুধিলে গা এৰা মন্তব্য দিয়ে বুলি ভুক্তভোগী পৰিয়ালটোৱে জনায় । ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰিছে ৰাহুলৰ পৰিয়ালে । বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাৰ বাবে সেই অঞ্চলত গোচৰ তৰিব লাগিব পৰিয়ালটোৱে । কিন্তু পৰিয়ালটোৰ হাতত হায়দৰাবাদলৈ যাবলৈ টকা নাই ।
ইফালে পুত্ৰ সন্ধানহীন হোৱাৰ শোকত অসুস্থ হৈ পৰিছে পিতৃ । অসুস্থ পিতৃৰ আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰলৈ তেওঁলোকৰ কনিষ্ঠ পুত্ৰক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ আহ্বান জনায় ।
কোনো সদাশয় লোকে কিবা খবৰ পালে ওচৰৰ আৰক্ষী থানা অথবা 98645-20493 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।