Local, Vocal, Global

Massive fire at Delhi children’s hospital : বেবী কেয়াৰ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড;অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ

নেশ্যনেল ডেস্ক,২৬মে’ : হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ(Massive fire at Delhi children’s hospital)।

দিল্লীৰ বিবেক বিহাৰত শনিবাৰে নিশা সংঘটিত হৈছে শোকাৱহ ঘটনা। দিল্লীৰ বিবেক বিহাৰত বেবী কেয়াৰ হাস্পতালত অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ। হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ৭টি শিশুৰ। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল ১২টি শিশুক। বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৫টি শিশু। সংকটজনক অৱস্থাত এটি শিশুক ৰখা হৈছে ভেণ্টিলেটৰত।

ডি এফ এছৰ মুৰব্বী অতুল গাৰ্গে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। চিকিৎসালয়ৰ ভিতৰত ৰখা কেইবাটাও অক্সিজেন চিলিণ্ডাৰো অগ্নিকাণ্ডত ফাটি যায়। ইফালে ডিচিপি শ্বাহদাৰাই চিকিৎসালয়খনৰ মালিকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে(7 newborns killed in massive fire at Delhi children’s hospital)।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী অতুল গাৰ্গে জনোৱা মতে, বিবেক বিহাৰৰ আই আই টি, ব্লক বি সমীপৰ এটা চাইল্ড কেয়াৰ চেণ্টাৰৰ পৰা এই অগ্নিকাণ্ডৰ খবৰ পোৱা গৈছিল। গাৰ্গে কয়, “মুঠ ৯খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনিলে। তাৰ পৰা ১২টা নৱজাতকক উদ্ধাৰ কৰা হয় আৰু নৱজাতকসকলক এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়।”

এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য কৰি দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে “যিসকল লোকৰ গাফিলতি বা ভুলৰ বাবে এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছে তেওঁলোকৰ বাবে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব”(7 babies killed after massive fire broke out at hospital in Delhi’s Vivek Vihar)।

লগতে পঢ়ক : Massive fire at gaming zone in Gujarat : গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৭গৰাকী