One killed, Two injured in road accident : চাৰিচকীয়া বাহন আৰু মালবাহী বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত এজন
চাপৰ,২৫মে’ : চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে চাপৰৰ খেৰডুবিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা ।
জানিব পৰা মতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চাৰিচকীয়া বাহন আৰু মালবাহী বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত থিতাতে নিহত হয় চাৰিচকীয়া বাহনখনত থকা যাত্ৰী । ইফালে আহত হয়
মালবাহী বলেৰো বাহনখনৰ চালক আৰু হেণ্ডিমেন(One killed, Two injured in road accident in Chapar) ।
উল্লেখ্য যে, চাৰিচকীয়া বাহন খনত একেটা পৰিয়ালৰ পাঁচজন লোকে গুৱাহাটীৰ পৰা নিজ ঘৰৰ অভিমুখে আহি আছিল আৰু মালবাহী বলেৰো খন গুৱাহাটী অভিমুখে গৈ আছিল । সেই সময়তে AS-01-FX-0530 নম্বৰৰ চাৰিচকীয়া বাহন আৰু AS-17-C-6049নম্বৰৰ মালবাহী বলেৰো বাহন খনৰ মাজত সংঘৰ্ষ হয়(One killed, Two injured in road accident) ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে যদিও গুৰুতৰভাৱে আহত মহিলা গৰাকীক চিকিৎসকে নিহত বুলি ঘোষণা কৰে ।
নিহত মহিলা গৰাকী বুৰী গৌৰীপুৰ বালাজানৰ আশিকা খাতুন বুলি জানিব পৰা গৈছে ।
ইফালে এই ভয়ংকৰ ঘটনাৰ খবৰ আৰক্ষীয়ে পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায় । ৰাইজৰ অভিযোগ অনুসৰি স্পীট ব্ৰেকাৰ নথকাৰ বাবে সঘনাই এই ঠাইত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে । অতি শীঘ্ৰে এই ঠাইখিনিত স্পীট ব্ৰেকাৰ দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৰাইজে ।
লগতে পঢ়ক : Youth goes missing in Boko : বকোৰ ৰাজাপাৰাৰ হনুমান মন্দিৰৰ পৰাই নিৰুদ্দেশ যুৱক