Pathetic road condition : স্বাধীনতাৰ অমৃত কালতো উন্নয়নে ঢুকি নোপোৱা বৰপেটাৰ এক অঞ্চল
বৰপেটা,২৫মে’ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।
বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?
যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?
এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা(Dilapidated bridge in Abhayapuri)।
স্বাধীনতাৰ ৭০ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ।
উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বৰপেটাৰ একাংশ ৰাইজৰ । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে জোনাইৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(poor conditions of roads) ৷
ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে বৰপেটাৰ সহস্ৰাধিক ৰাইজক (Poor Road Condition in Jonai) ৷
সবকা সাথ, সবকা বিকাশ শ্ল’গানেৰে ৰাইজৰ ওচৰত পুনৰ ভোট ভিক্ষা কৰিছে শাসকীয় বিজেপি দলৰ সাংসদ প্ৰাৰ্থীসকলে । পিছে চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল বৰপেটাৰ এক অঞ্চলত । একবিংশ শতিকাতো দলঙৰ ভঙা অংশৰে বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে বৰপেটাৰ এটা অঞ্চলৰ ৰাইজে(Pathetic road condition) ।
স্বাধীনতাৰ ৭০ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও । বিপদসংকুল যাতায়ত গাঁওবাসীৰ। স্বাধীনতাৰ অমৃত কালতো উন্নয়নে ঢুকি নোপোৱা বৰপেটাৰ এক অঞ্চল।বিপদ সংকুলভাৱে যাতায়ত কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে ।
কণ কণ ছাত্ৰ-ছাত্ৰীয়ে কল গছৰ ভূৰেৰে নদী পাৰ হৈ যাব লগা হৈছে বিদ্যালয়লৈ। বৰপেটাৰ বৈঠাভঙা বজাৰৰ কাষেৰে বৈ গৈছে টিহু নদী, আৰু নদী পাৰ হ’বলৈ কল গছৰ ভূৰেৰে যাতায়ত কৰে অঞ্চলটোৰ জনতাই।
বিগত বছৰ বানপানীৰ ফলত নদীৰ বুকুত থকা কাঠৰ দলংখন পানীয়ে উটুৱাই লৈ যায় তাৰ পিছৰে পৰা আজিলৈকে চৰকাৰ প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত গাড়ী মটৰৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হোৱাত অসুবিধাৰ সন্মুখীন হৈছে চৰকাৰী কৰ্মচাৰীৰ লগতে ব্যৱসায়ী সকলো। যাতায়তৰ বাবে নদীখনৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাই অঞ্চলটোৰ ৰাইজে।
লগতে পঢ়ক : সামজিক মাধ্যমযোগে জনসাধাৰণলৈ DGP জি পি সিঙৰ আহ্বান