দক্ষিণ কাচুকাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মইমতালি
বৰপেটা,২৫মে’ : বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ কাছুকাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল জলিলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। প্ৰধান শিক্ষকজনৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি আৰু পাঠদানৰ প্ৰতি থকা অনীহাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। পৰিচালনা কমিটিৰ সভাপতিক হাতত ৰাখি প্ৰধান শিক্ষক জলিলে নিজ খিয়াল খুচি মতে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ অভিযোগ উঠিছে।
পুৱা ১১ বজাত বিদ্যালয়ত উপস্থিত হৈ কেৱল চহী কৰিয়েই ১২ বজাৰ পূৰ্বেই বিদ্যালয় ত্যাগ কৰে শিক্ষক জলিলে। দূৰ্নীতি পৰায়ণ প্ৰধান শিক্ষক গৰাকীয়ে অতি কৌশলৰে আৰু অগণতান্ত্ৰিকভাৱে এজন ব্যক্তিকেই ১৫ বছৰ ধৰি সভাপতিৰ পদত অধিষ্ঠিত কৰি ৰখাৰো অভিযোগ উত্থাপন হৈছে।
আন এক অভিযোগ অনুসৰি বিদ্যালয়খনত সপ্তাহত দুদিনতকৈ বেছি ছাত্ৰ-ছাত্ৰীক দিয়া নহয় মধ্যাহ্ন ভোজন। ছাতিৰ কাপোৰৰ দৰে অতি ঢাঠ কাপোৰৰ ফটা পোচাক যোগান ধৰা হৈছে ছাত্ৰ-ছাত্ৰীক। বিদ্যালয়ত নিৰ্মীয়মান অতিৰিক্ত শ্ৰেণী কোঠাৰ কাম চোৱাচিতাৰ দায়িত্বত থকা অভিযন্ত্ৰাক মেনেজ কৰি অতি নিম্ন মানদণ্ডৰ ইটা আৰু সামগ্ৰীৰে নিৰ্মাণৰ কাম কৰি থকা পৰিলক্ষিত হৈছে।
এইক্ষেত্ৰত ৰাইজে আপত্তি কৰিলেও প্ৰধান শিক্ষক জলিলে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। উল্লেখ্য যে, প্ৰধান শিক্ষক আব্দুল জলিলৰ কুকৰ্ম আৰু দূৰ্নীতি সন্দৰ্ভত কলগাছিয়াস্থিত ৰূপসী শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়াক ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন লিখিত আবেদন দাখিল কৰা হৈছে।
কিন্তু শিক্ষা বিষয়াই ৰহস্যজনক ভাৱে প্ৰধান শিক্ষক গৰাকীৰ দূৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তদন্ত সাপেক্ষে প্ৰধান শিক্ষকৰ দূৰ্নীতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বৰপেটা জিলা শিক্ষা বিভাগক অনুৰোধ জনাইছে।
লগতে পঢ়ক : সামজিক মাধ্যমযোগে জনসাধাৰণলৈ DGP জি পি সিঙৰ আহ্বান