Local, Vocal, Global

Woman goes missing : চাৰি বছৰীয়া কন্যা সন্তানসহ নিৰুদ্দেশ মহিলা

ধেমাজি,২৫মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।

পুনৰ মহিলা নিৰুদ্দেশ । লখিমপুৰৰ লীলাবাৰী পদুমণিৰ পৰা নিৰুদ্দেশ মহিলা । যোৱা ২০ মেৰ পৰা চাৰি বছৰীয়া কন্যা সন্তানসহ নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী ।

উল্লেখ্য যে, চাবতিৰ কল‍্যাণপুৰৰ নিবাসী চুৰহাব আলীৰ কন্যা তথা পদুমণিৰ নিবাসী ৰহমত আলীৰ পত্নী তথা তিনি সন্তানৰ মাতৃ ইছনাৰা বেগম আৰু চাৰি বছৰীয়া কন্যা সন্তান ৰেবিকা বেগম যোৱা ২০ মে তাৰিখে পদুমণি পৰা বৰছালালৈ যোৱাৰ পথত নিৰুদ্দেশ হয় । ইতিমধ্যে তিনি সন্তানৰ মাতৃ আৰু চাৰি বছৰীয়া কন্যা সন্তান নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত মহিলা গৰাকীৰ পিতৃ চুৰহাব আলীয়ে লীলাবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ।

কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ লগতে চাৰি বছৰীয়া কন‍্যা সন্তানৰ সন্ধান লাভ কৰে তেন্তে 6900601034 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাই ।

লগতে পঢ়ক : Dr Harendra Nath Das Passes Away : ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান