Local, Vocal, Global

Dr Harendra Nath Das Passes Away : ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান

নিউজ ডেস্ক,২৫মে’ : ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান । শুকুৰবাৰে নিশা প্ৰায় ৮.২২ বজাত গীতানগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিবগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। অসম চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ দায়িত্বত আছিল হৰেন্দ্ৰ নাথ দাস(Dr Harendra Nath Das Passes Away)।

১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ অসম চৰকাৰৰ মুখ্য সচিব আছিল তেওঁ। অৰ্থনীতিবিদৰূপেও প্ৰসিদ্ধ আছিল ডঃ হৰেন্দ্ৰ নাথ দাস। ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক পদতো আছিল ডঃ হৰেন্দ্ৰ নাথ দাস।

উল্লেখ্য যে, ১৯৬১ চনত চাকৰিত যোগদান কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সঞ্চালকৰ পদত সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ অসম চৰকাৰৰ মুখ্য সচিব আছিল। দাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, ১৯৩৭ চনৰ ১ মাৰ্চত মহানগৰীৰ পাণবজাৰত জন্মগ্ৰহণ কৰিছিল হৰেন্দ্ৰ নাথ দাসে।

লগতে পঢ়ক : Road Accident in Khumtai : তীব্ৰবেগী বাইকৰ খুন্দা গছত;নিহত বাইক আৰোহী