Local, Vocal, Global

India General Elections 2024 Phase 6 Voting : আজি দেশত ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ;পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

নিউজ ডেস্ক,২৫মে’ : আজি দেশত ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ। দিল্লীৰ ৭টা, হাৰিয়ানাৰ ১০টা, ঝাৰখণ্ডৰ ৪টা, উত্তৰপ্ৰদেশৰ ১৪টা, পশ্চিমবংগৰ ৮টা, বিহাৰৰ ৮টা, ওড়িশাৰ ৬টা, জম্মু কাশ্মীৰৰ ১টা সমষ্টি ভোটগ্ৰহণ হৈছে(India General Elections 2024 Phase 6 Voting)।

দিল্লীৰ চান্দনী চ’ক, উত্তৰ পূব দিল্লী, পূব দিল্লী, নতুন দিল্লী, উত্তৰ পশ্চিম দিল্লী, পশ্চিম দিল্লী আৰু দক্ষিণ দিল্লী এই আটাইকেইটা সমষ্টিতে হৈছে ভোটগ্ৰহণ। কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ গুৰুত্বপূৰ্ণ ৭টা সমষ্টিতে একেটা পৰ্যায়তে ভোটগ্ৰহণ। দিল্লীৰ লগতে হাৰিয়ানাৰো আটাইকেইটা সমষ্টি তথা ১০টা সমষ্টিৰ ষষ্ঠ পৰ্যায়ত একেলগে ভোটগ্ৰহণ সম্পন্ন হ’ব।

উল্লেখ্য যে, ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰীত হোৱা নিৰ্বাচনৰ প্ৰাৰ্থী কেইগৰাকীও আছে।

লগতে পঢ়ক : Boiler Blast Triggers Major Fire In Dombivli Industrial Area : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ৬জন, আহত ৪৮জন