Chargesheet filed against Dr. Sangeeta Datta and Dr. Wailul Islam : চিকিৎসক দম্পতি সংগীতা দত্ত, ৱালিউল ইছলামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

নিউজ ডেস্ক,২৩মে’ : চিকিৎসক দম্পতি সংগীতা দত্ত, ৱালিউল ইছলামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল । CJM আদালতত চাৰ্জশ্বীট দাখিল কৰিলে মহানগৰ আৰক্ষীয়ে।
চাৰ্জশ্বীটত অভিযুক্ত কৰা হৈছে ৫ গৰাকীক। ডাঃ সংগীতা দত্ত, ৱালিউল ইছলাম, উৎপলা বসু, দুই ব্যক্তিগত সহায়ককো অভিযুক্ত কৰা হৈছে চাৰ্জশ্বীটত।
উল্লেখ্য যে, IPC 307, 325, 326, 341, 506, 307(5/80) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল চিকিৎসক দম্পতীৰ বিৰুদ্ধে। 201/2023 নম্বৰত পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। ৯টাকৈ জামিনবিহীন ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ।নিজ তোলনীয়া সন্তানক বৰ্বৰ নিৰ্যাতন চলাইছিল দম্পতীটোৱে(Chargesheet filed against Dr. Sangeeta Datta and Dr. Wailul Islam)।
ইয়াৰ পূৰ্বেও POCSO আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে। সম্প্ৰতি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে চিকিৎসক দম্পতীহাল।
পূৰ্বেও কেইবাবাৰো BAIL BOND নাকচ হৈছিল ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ। ইতিমধ্যে, POCSO আদালততো আনটো গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে।