Local, Vocal, Global

Tragic Road Accident : কৰিমগঞ্জত ডাম্পাৰৰ দৌৰাত্ম্য;দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত অটো যাত্ৰী

নিউজ ডেস্ক,২৩মে’ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।

কৰিমগঞ্জত ডাম্পাৰৰ দৌৰাত্ম্য। কৰিমগঞ্জৰ বদৰপুৰ ঘাটত অটোত খুন্দা দ্ৰুতবেগী ডাম্পাৰৰ। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ৬০ বছৰীয়া বৃদ্ধ। নিহত অটোখনৰ যাত্ৰী আছিল মৃত পৰেশ দাস বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : youth missing in Samaguri : কৰ্মসংস্থাপন বিচাৰি গুৱাহাটীলৈ আহি সন্ধানহীন যুৱক