Local, Vocal, Global

Tragic Road Accident in Batadrava : বটদ্ৰৱাত মালবাহী ট্ৰাকে মহতিয়াই নিলে মটৰচাইকেল আৰোহীক;থিতাতে নিহত এজন

নিউজ ডেস্ক,২৩মে’ : বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

বুধবাৰে নিশা বটদ্ৰৱাত মালবাহী ট্ৰাকে মহতিয়াই নিলে মটৰচাইকেল আৰোহীক । ফলত থিতাতে নিহত হয় মটৰচাইকেল আৰোহী । দ্ৰুত গতিত অহা এএছ ০১ এইচ ০৮৮৫১ নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিলে মটৰচাইকেল আৰোহীজনক । নিহত মটৰচাইকেল আৰোহীজন গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে(Tragic Road Accident in Batadrava ) ।

জানিব পৰা মতে,গুলজাৰ হুছেইন শান্তিজান বজাৰৰ পৰা ব্যবসায় সামৰি ঘৰলৈ উভতাৰ পথত বটদ্ৰৱা আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : Detainee’s Death in Police Custody Sparks Public Outcry : লখিমপুৰৰ খেলমাটি থানাত অঘটন;থানাৰ ভিতৰতে মৃত্যু আচামীৰ