Girl kidnapped in Nagaon : নগাঁৱৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ অপহৰণকাণ্ড
নিউজ ডেস্ক,২২মে’ : নগাঁৱৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ অপহৰণকাণ্ড। পাঞ্জাৱৰ বিৰজু সিং গেঙে সংঘটিত কৰিলে অপহৰণ কাণ্ড। জ্যোতি সিং নামৰ এগৰাকী পাঞ্জাৱী যুৱতীক অপহৰণ দুৰ্বৃত্তৰ। পিতৃ বিজেন্দ্ৰ সিঙৰ সৈতে আয়ুৰ্বেদিক ঔষধ বেছিবলৈ নগাঁৱলৈ আহিছিল জ্যোতি সিং। ইয়াৰ পূৰ্বে পাঞ্জাৱতো জ্যোতিক অপহৰণৰ চেষ্টা চলাইছিল বিৰজু সিঙে(Girl kidnapped in Nagaon )।
মঙলবাৰে নিশা প্ৰায় ২ বজাত মৰিকলং শিশু উদ্যানৰ সমীপৰ পৰা অপহৰণ কৰি লৈ যায় জ্যোতিক। এখন বলেৰ’ বাহনত অহা ৫জনীয়া গুণ্ডাৰ দলে সংঘটিত কৰিলে অপহৰণ কাণ্ড। দলটোত আছিল এগৰাকী মহিলাও। মৰিকলং আৰক্ষী চকী আৰু সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগতে এই অপহৰণ কাণ্ড সংঘটিত হয়।
লগতে পঢ়ক : Cattle Smuggling in Lanka : লংকাত জব্দ ১০ খন গৰু ভৰ্তি বাহন;আটক ৮ জন চালক