Local, Vocal, Global

Cattle Smuggling in Lanka : লংকাত জব্দ ১০ খন গৰু ভৰ্তি বাহন;আটক ৮ জন চালক

নিউজ ডেস্ক,২২মে’ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle Smuggling in Lanka)৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী । ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু। কেতিয়াবা যদি নৈশ বাছত কেতিয়াবা আকৌ কন্টেইনাৰ বাহনৰ ভিতৰত গৰু সৰবৰাহ কৰি আহিছে অসাধু চক্ৰটোৱে(Cattle smuggling in Assam)। গঢ় লৈ উঠিছে গৰুৰ এক বৃহত ছিণ্ডিকেট।

আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত একত প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি চলাই আছে গৰু সৰবৰাহ।গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে অসমত বলবৎ কৰা হৈছিল গো সুৰক্ষা আইন । সমান্তৰালভাৱে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাহ আৰু ব্যৱসায় ।

কিন্তু আৰক্ষী যদি ডালে ডালে, চোৰাং সৰবৰাহকাৰীও যেন পাতে পাতে । কাৰণ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দিবলৈ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি আহিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে চোৰাং গৰু বিৰোধী অভিযান । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লংকাত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত বুধবাৰে নিশা খাৰিখানাত ১০ খনকৈ গৰু ভৰ্তি চাৰিচকীয়া বাহন জব্দ কৰে ।

জানিব পৰা মতে, জব্দকৃত ১০ খন বাহনখনত আছিল ৯৭ টাকৈ গৰু । লগতে আটক কৰে ৮ জন সৰবৰাহকাৰীসহ চালকক । খাৰিখানাত আৰক্ষী উপস্থিত হৈ গৰুভৰ্তি বাহন কেইখনমান জব্দ কৰে ।

বৰ্তমান ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Poacher Apprehended in Golaghat : বোকাখাতত গ্ৰেপ্তাৰ চোৰাং চিকাৰী; জব্দ থ্ৰী নট থ্ৰী ৰাইফলৰ ৬ জাঁই সক্ৰিয় গুলী