Local, Vocal, Global

driver dies after being hit by wire in uttar pradesh : কচুৱাৰ পুঠিমাৰীত অঘটন; বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু এজন লোকৰ

নিউজ ডেস্ক,২২মে’ : কচুৱাৰ পুঠিমাৰীত অঘটন । বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু এজন লোকৰ ।

অভিযোগ অনুসৰি, পুঠিমাৰী, মিছামাৰী আৰু গৰুবান্ধা গাঁৱৰ মাজেদি যোৱা এঘাৰ হাজাৰ ভল্টেজৰ তাঁৰ তললৈ ওলমি আছে ফলত গাড়ী মটৰ চলাচলত বহু সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷ বিদ্যুৎ বিভাগৰ লগত ঠিকাদাৰৰ গোপন বুজাবুজিৰ ফলত দুটা খুটিৰ দূৰত্ব বঢ়াই দিয়াত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ বহু তললৈ ওলমি থকা পৰিলক্ষিত হৈছে ৷

যাৰ ফলত যাতায়ত যোগাযোগত ভীষণ সমস্যা দেখি অঞ্চলটোৰ বহু লোকে বহুবাৰ কামপুৰ বিদ্যুৎ কাৰ্যালয়ৰ উপৰিও কঠীয়াতলি বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ এচ ডি অ’ ক লগ ধৰি বিপদজনক ভাৱে হালি থকা তাঁৰ সমূহ ওপৰেলৈ তুলিবলৈ দাবী জনায়। কিন্তু গা নলৰিল কুম্ভকৰ্ণ নিদ্ৰাত থকা বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ(driver dies after being hit by wire in uttar pradesh)৷

উল্লেখ্য যে, আজি ধান কটা মেচিন ট্ৰাকত তুলি কামপুৰলৈ নি থকা অৱস্থাত চালক অশোক যাদৱৰ মূৰত তাঁৰ দুডাল লাগি ধৰে। ফলত মৃত্যু হয় চালকজনৰ। গাড়ীখনত থকা আন ৪ জন লোক কিছু পৰিমানে আহত হয়।

ইপিনে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে পূৰ্বে আৰু ৩ জন লোকৰ কৰুণ মৃত্যু হৈছিল বুলি আজি বহুজনে জানিবলৈ দিয়ে ৷ মৃত লোকজনৰ সম্পূৰ্ণ ক্ষতিপূৰণ দি মাত্ৰ দুদিনৰ ভিতৰত বিদ্যুৎ লাইনৰ মেৰামতি নকৰিলে সহস্ৰাধিক ৰাইজে বিদ্যুৎ বিভাগটোৰ বিৰুদ্ধে ধৰ্ণা দিব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : Tragic Road Accident : কৰিমগঞ্জৰ বাটিয়াত ডাম্পাৰৰ দৌৰাত্ম্য;নিহত বাইক আৰোহী