Tragic Road Accident : কৰিমগঞ্জৰ বাটিয়াত ডাম্পাৰৰ দৌৰাত্ম্য;নিহত বাইক আৰোহী
নিউজ ডেস্ক,২২মে’ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।
কৰিমগঞ্জৰ বাটিয়াত ডাম্পাৰৰ দৌৰাত্ম্য। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত বাইকত ।ফলত থিতাতে নিহত হয় বাইক আৰোহী । নিহত বাইক আৰোহীজন নুৰুল হাছান ওৰফে মঞ্জুৰ বুলি চিনাক্ত কৰা হৈছে ।
দুৰ্ঘটনাৰ পাছতে অসম-ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৰাইজে।