Local, Vocal, Global

Ship carrying goods sinks off in Subansiri River : সোৱণশিৰিত অঘটন ;সোৱণশিৰিত ডুবিল সামগ্ৰী কঢ়িয়াই অনা জাহাজ

ধেমাজি,২২মে’ : সোৱণশিৰিত অঘটন । সোৱণশিৰিত ডুবিল সামগ্ৰী কঢ়িয়াই অনা জাহাজ । মঙলবাৰে পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । ঘূণাসুঁতি দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই আনোতেই সংঘটিত হয় দুৰ্ঘটনা।

জানিব পৰা মতে, লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত মঙলবাৰে জাহাজখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত জাহাজখনত থকা ১১ জনকৈ লোকৰ কোনোমতে জীৱন ৰক্ষা পৰে ৷

ইফালে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছত মঙলবাৰে সন্ধিয়া পৰ্যন্ত অত্যাধুনিক যন্ত্ৰৰ সহায়ত সোৱণশিৰিত ডুবা জাহাজখন উদ্ধাৰৰ বাবে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে বহু চেষ্টা কৰে যদিও সন্ধিয়া পৰ্যন্ত জাহাজখন উদ্ধাৰ কৰিব নোৱাৰে(Ship carrying goods sinks off in Subansiri River) ৷

প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ ঘাগৰ-ঘূনাসুঁতি ঘাটত নিৰ্মাণ হৈ থকা পকী দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ চলাই আহিছে। সেই কামৰ বাবে বিগত প্ৰায় চাৰিদিনৰ পূৰ্বে গুৱাহাটীৰ পৰা কোটি টকীয়া এম টি বীৰদত্ত নামৰ যন্ত্ৰচালিত জাহাজখন নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বাবে ঘূনাসুঁতি ঘাঁটলৈ অনা হয়৷

সেইমৰ্মে প্ৰায় চাৰিদিন পূৰ্বে ঘূনাসুঁতি ঘাটত আহি পোৱা এম টি বীৰদত্তই সোৱণশিৰি নদীত পাইচাৰী কৰাৰ পিছত মঙলবাৰে ঘাগৰঘাটত ৰাখি থোৱাৰ সময়তে এই বৃহৎ দুখলপীয়া জাহাজখন কাহিলিপুৱাতে সোৱণশিৰি নদীত সম্পূৰ্ণৰূপে ডুব যায়৷

খবৰ অনুসৰি কোটি কোটি টকীয়া এই জাহাজখনৰ তলভাগত ফুটা থকাৰ বাবেই উক্ত ফুটাৰে পানী সোমাই জাহাজখন সোৱণশিৰিত ডুব যায়৷ সোৱণশিৰিত ডুব যোৱা জাহাজখনৰ এটা অংশ উদ্ধাৰ কৰিছে নিৰ্মাণকাৰী সংস্থাই।

লগতে পঢ়ক : 3 drugs peddlers arrested along with drugs : ৰাজ্যৰ দুই স্থানৰ পৰা জব্দ বুজনৰ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী