3 drugs peddlers arrested along with drugs : ৰাজ্যৰ দুই স্থানৰ পৰা জব্দ বুজনৰ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী
নিউজ ডেস্ক,২২মে’ : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে ৷
মঙলবাৰে ৰাজ্যৰ দুই স্থানত আৰক্ষীৰ অভিযান । অভিযানত ড্ৰাগছসহ তিনিটাকৈ সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে ৷
জানিব পৰা মতে, আৰক্ষীয়ে মঙলবাৰে নিশা প্ৰথমতে, শোণিতপুৰ জিলাৰ মিছামাৰীত অভিযান চলাই । অভিযানত অসম আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । মিছামাৰীস্থিত ভাৰতীয় সেনা ছাউনীৰ ভিতৰৰ পৰা আটক কৰে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক(3 drugs peddlers arrested along with drugs) ৷
এক গোপন সূত্ৰৰ পম খেদি মিছামাৰী আৰক্ষীয়ে সেনা ছাউনীৰ ভিতৰত থকা শ্বপিং কমপ্লেক্সৰ এখন দৰ্জী দোকানৰ স্বত্বাধিকাৰী মাচুম শ্বেখৰ পৰা ৮৫ টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে ৷ ইয়াৰোপৰি মাচুম শ্বেখৰ পিতৃ ৰচিদ শ্বেখকো আটক কৰে আৰক্ষীয়ে ৷
অভিযোগ অনুসৰি, সেনা ছাউনীৰ ভিতৰত দৰ্জীৰ দোকান দিয়া মাচুম শ্বেখে শ্বপিং কমপ্লেক্সৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷
মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকে এক গোপন সূত্ৰৰ ভিত্তিত সেনা ছাউনীৰ শ্বপিং কমপ্লেক্সৰ পৰাই ড্ৰাগছ সৰৱৰাহকাৰীদ্বয়ৰ লগতে ৮৫ টা কণ্টেইনাৰকেইটা জব্দ কৰিছে । মিছামাৰী আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫০হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে । কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা সেনা ছাউনীৰ ভিতৰত এনেদৰে নিৰাপদে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ইফালে আৰক্ষীয়ে দ্বিতীয়টো অভিযান, মঙলবাৰে বিয়লি বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত আদিতপুৰ গাঁৱত বৰপেটা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে এজন ব্যৱসায়ীক । আটকাধীন ড্ৰাগছ ব্যৱসায়ীটো আদিতপুৰ গাঁৱৰ শ্বৰিফুল ইছলাম (26) ৷ ধৃত শ্বৰিফুল ইছলাম এই ব্যৱসায় কৰাৰ লগতে দীৰ্ঘদিনে ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই আদিতপুৰৰ কবৰস্থানৰ সন্মুখৰ পৰা এটা চাবোনৰ বাকচত মুঠ ১০.৪৯ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । কিছুদিন পূৰ্বে ধৃত শ্বৰিফুল ইছলামৰ ঘৰলৈ ড্ৰাগছ সেৱন কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছিল দুই যুৱক ।
লগতে পঢ়ক :Unidentified Youth Found Dead : মহানগৰীৰ আজাৰাৰ পথৰ গাঁত উদ্ধাৰ অচিনাক্ত মৃতদেহ