Woman On Scooty Loses Life In Accident : স্কুটিৰ খুন্দা ৰৈ থকা ট্ৰাকত; নিহত মহিলা আৰোহী
নিউজ ডেস্ক,২২মে’ : গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ পৰা গড়চূক অভিমুখে এখন স্কুটিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Woman On Scooty Loses Life In Accident ) ।
জানিব পৰা মতে, বৰাগাঁৱৰ পৰা গড়চূক অভিমুখে এখন স্কুটিত গৈ আছিল দুগৰাকী মহিলা। তেনে সময়তে এ এছ ০১ ই বি ১১২৬ নম্বৰৰ এখন চাৰি চকীয়া বাহনে এই স্কুটিখনত খুন্দা মাৰে। চাৰি চকীয়া বাহনৰ খুন্দাত স্কুটিখনে গৈ ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় স্কুটি আৰোহী মহিলা দুগৰাকীৰ মাজৰ এগৰাকী মহিলা। আনহাতে গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা। আহত মহিলাগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়( Woman On Scooty Loses Life In Accident At Boragaon) ।
এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হোৱা মহিলাগৰাকীৰ কুন্তী দাস আৰু ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে। আনহাতে আহত মহিলাগৰাকীৰ নাম মামণি বৰা। তেওঁৰ ঘৰ নগাঁৱত। তেওঁ লোকে চলাই অহা স্কুটিখনৰ নম্বৰ এ এছ ০২ এ এইছ ৯৯২৯। তেওঁলোকে খুন্দা মৰা ৰৈ থকা ট্ৰাকখনৰ নম্বৰ এ এছ ০১ কিউ চি ৯৪৭১।
লগতে পঢ়ক : Tragic Accident in boko : টাটা ডিআইৰ প্ৰচণ্ড খুন্দাত বাইকত;থিতাতে নিহত বাইক আৰোহী