Local, Vocal, Global

wild elephant attack in Golaghat : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

নিউজ ডেস্ক,২১মে’ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (wild elephant attack in Golaghat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত ।

জিলাখনৰ বকিয়াল বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক ৷ নিশা শুই থকা অৱস্থাত বন্যহস্তীয়ে বাসগৃহত লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ ভিতৰত শুই থকা অৱস্থাতেই আক্ৰমণ কৰে । হাতীৰ আক্ৰমণত মৃত্যু হয় চটু ওৰাং নামৰ লোকজনক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি সৃষ্টি কৰি আহিছে ত্ৰাসৰ ৷ স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

লগতে পঢ়ক : Tragic Bus Accident In MP : যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত;নিহত দুজন,আহত ৪১গৰাকী যাত্ৰী