19 dead, four injured after pickup vehicle overturns in Kawardha : ১৯জনলৈ বৃদ্ধি ছত্তিশগড়ত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা
নেশ্যনেল ডেস্ক,২১মে’ : ১৯জনলৈ বৃদ্ধি ছত্তিশগড়ত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা।
উল্লেখ্য যে,সোমবাৰে ছত্তিশগড়ৰ কাৱাৰধা জিলাত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা । সোমবাৰে ছত্তিশগড়ৰ কাৱাৰধা জিলাত শ্ৰমিক কঢ়িয়াই নিয়া পিকআপ ভান নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে ।পাত চিঙি ঘূৰি অহাৰ পথতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ২০ ফুট তললৈ বাগৰি পৰে। ফলত থিতাতে নিহত হয় ১৮জনকৈ লোক । আহত আন কেইবাজনো লোক। এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হোৱা আটাইসকল লোক শ্ৰমিক আছিল(19 dead, four injured after pickup vehicle overturns in Kawardha) ।
স্থানীয় লোকৰ ভাষ্য অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হোৱা শ্ৰমিকসকল কুকদুৰ আৰক্ষী থানাৰে অন্তৰ্গত বাহপানী গাঁৱৰ বাসিন্দা। আৰক্ষীৰ মতে নিহত ১৮ জনৰ ভিতৰত ১৬ গৰাকীয়েই মহিলা আৰু দুনজ পুৰুষ। এইসকলো আদিবাসী লোক। বাহনখনত মুঠ ২৫ জন লোক আছিল।
জানিব পৰা মতে, দুর্ঘটনাত ১৩গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাবে আঘাতপ্রাপ্ত তথা চিকিৎসালয়ত ভর্তি কৰোৱা অন্য ১২ গৰাকী লোকৰ ভিতৰত ৬ গৰাকী পাছত মৃত্যু হয়। ঘটনাত মৃত্যু হোৱা ১৯ গৰাকী লোকৰ ভিতৰত ১৮ গৰাকী মহিলা বুলি জানিব পৰা গৈছে।
এই মৰ্মান্তিক দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছায়ে মৃত পৰিয়ালকেইটাক ৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।