Two gamblers arrested in Batadrawa : নগাঁৱত আটক দুজন জুৱাৰী
নিউজ ডেস্ক,২০মে’ : নগাঁৱত আটক দুজন জুৱাৰী । দেওবাৰে আৰক্ষীয়ে আটক কৰে জুৱৰীদুজনক ।
জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই । অভিযানত আটক কৰে দুজন জুৱাৰী ।
গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা জুৱাৰী দুজন ক্ৰমে সুৰুজ আলী আৰু ইক্ৰামূল হক(Two gamblers arrested in Batadrawa)।
দুয়োৰে ঘৰ ৰামপুৰ সত্ৰত বুলি জানিব পৰা গৈছে। জুৱাৰী দুজনৰ পৰা আৰক্ষীয়ে জুৱাত ব্যৱহৃত সামগ্ৰীৰ লগতে নগদ ধন জব্দ কৰে।
লগতে পঢ়ক : Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক