Local, Vocal, Global

Bengaluru-Kochi Air India Express flight makes emergency landing : বেংগালুৰুৰ পৰা কোচিলৈ যাত্ৰা কৰা বিমানত অগ্নিকাণ্ড,বিমানৰ জৰুৰী অৱতৰণ বেংগালুৰুত

নেশ্যনেল ডেস্ক,১৯মে’ : এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত অগ্নিকাণ্ড । বেংগালুৰুৰ পৰা কোচিলৈ যাত্ৰা কৰি থকাৰ সময়ত অগ্নিকাণ্ড বিমানখনত । ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে বিমানখনৰ জৰুৰী অৱতৰণ বেংগালুৰুত(Bengaluru-Kochi Air India Express flight makes emergency landing)।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এক বিবৃতিত অনুসৰি, এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে বিমানখনৰ অৱতৰণ কৰে আৰু যাত্ৰী আৰু কৰ্মচাৰীসকল সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই(Air India Express flight catches fire, makes emergency landing in Bengaluru) ।

সূত্ৰৰ মতে,বিমানখন উৰণৰ কেইমিনিটমান পিচতে বিমানৰ কৰ্মচাৰীসকলে ইঞ্জিনত জুই প্ৰত্যক্ষ কৰে । লগে লগে বিমানখনৰ কৰ্মচাৰীসকলে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰক সতৰ্ক কৰি দিয়ে আৰু জৰুৰী অৱস্থা ঘোষণা কৰে। ইয়াৰ পিচত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰে । অৱতৰণৰ পিচতে বিমানবন্দৰৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ইঞ্জিনৰ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ । এই সন্দৰ্ভত বিভাগীয় তদন্তৰো ঘোষণা কৰা হৈছে।

লগতে পঢ়ক : Man allegedly kills wife : সম্পত্তিৰ বাবে পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে