Heroin Worth Rs 105 Crore Seized By Cachar Police : শিলচৰত জব্দ ১০৫ কোটি টকাৰ হেৰ’ইন
নিউজ ডেস্ক,১৯মে ‘ : শিলচৰত জব্দ বুজন পৰিমাণৰ হেৰ’ইন । শনিবাৰে নিশা শিলচৰৰ ঘুংগুৰ আতালবস্তি বাইপাচৰ পৰা জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।
শনিবাৰে নিশা শিলচৰৰ ৰামনগৰ বাইপাছত আৰক্ষীয়ে অভিযান চলাইছিল ৷ অভিযানত আক্ষীয়ে মিজোৰামৰ পৰা অহা এখন চাৰিচকীয়া বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে হেৰ’ইন । ৬০ টা চাবোনৰ বাকচ আৰু ডাঙৰ ৯টা পেকেটৰ পৰা উদ্ধাৰ কৰে হেৰ’ইনখিনি( Heroin Worth Rs 105 Crore Seized By Cachar Police)।
জানিব পৰা মতে, ৬০ টা চাবোনৰ বাকচৰ পৰা ১.৫৪৭ কেজি আৰু ৯টা ডাঙৰ পেকেটৰ পৰা ৮.৭৮৬ কেজিসহ মুঠ ১০.৩৩৩ কেজি হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ১০৫ কোটি টকা বুলি সদৰী কৰে আৰক্ষীয়ে।
আনহাতে আৰক্ষীয়ে হেৰ’ইন সৰবৰাহৰ অভিযোগত মিজোৰামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । ধৃত লোককেইগৰাকীৰ – লালট্লানজবা (৩১), মালাচাৱমেংগী(৩৬) আৰু ডানিয়াল চি লালচাংমা (৩২) বুলি চিনাক্ত কৰিছে।
লগতে পঢ়ক : Assam Rifles recovers huge cache of Arms and ammuniation in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ