Local, Vocal, Global

two children died by drowning in pond : পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটি লয় দুই শিশুৱে

নিউজ ডেস্ক,১৯মে’ : ধিঙৰ মৈৰাবাৰীত শোকাৱহ ঘটনা । পুখুৰীত পৰি সলিল সমাধি দুটিকৈ শিশুৰ । মৈৰাবাৰীৰ তাঁতীকটা গাঁৱৰ এটা পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিব লয় দুই শিশুৱে ।

মৃত শিশু দুটিৰ নাম ছাহেৰা খাতুন আৰু ছুমায়া খাতুন বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি মৃত শিশু দুটিৰ বয়স ৩ বছৰ আৰু ৫ বছৰ(two children died by drowning in pond ) ।

স্থানীয় লোকে জনোৱা অনুসৰি, মাতৃয়ে কামৰ বাবে ওলাই গৈছিল আৰু সেই সময়তে শিশু দুটিয়ে খেলি থকা অৱস্থাত ওচৰতে থকা এটা দ’ পুখুৰীত পৰে আৰু কৰুণ মৃত্যুক সাৱতি লয় ।

পৰৱৰ্তী সময়ত শিশু দুটিৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰাৰ পাছতে মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে ।

ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক : বিলাসীপাৰাত গৰু চোৰৰ বাহন আৰু মাৰুতি ভেনৰ মাজত ভয়ংকৰ সংঘৰ্ষ