বিলাসীপাৰাত গৰু চোৰৰ বাহন আৰু মাৰুতি ভেনৰ মাজত ভয়ংকৰ সংঘৰ্ষ
বিলাসীপাৰা,১৯মে’ : বিলাসীপাৰাত গৰু চোৰৰ বাহন আৰু মাৰুতি ভেনৰ মাজত ভয়ংকৰ সংঘৰ্ষ। চোৰাং গৰু কঢ়িয়াই অনা বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত মাৰুতি ভেনৰ চালক সহ দুজনকৈ ব্যক্তি।
এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিয়েই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে আহত দুজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰে। আহত লোকদুজন ক্ৰমে শালকোচাৰ মৃদুল ৰয় আৰু নিপন চৌধুৰী বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ পৰা বিলাসীপাৰাৰ বিভিন্ন চৰাঞ্চলৰ মাজেৰে গো-মাফিয়াই নিতৌ ন ন কৌশল অৱলম্বন কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ লৈ সৰবৰাহ অব্যাহত ৰাখিছে অসমৰ গো-ধন। ইমানৰ পিছতো কিন্তু গো-মাফিয়া আৰু গৰু চোৰক জালত পেলাবলৈ সক্ষম হোৱা নাই বিলাসীপাৰা আৰু কোকৰাঝাৰ আৰক্ষী। নিশা গো – মাফিয়াই ১০ টাকৈ চোৰাং গো-ধন সৰবৰাহ কৰি তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত মাৰুতি ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত গুৰুতৰভাৱে আহত হয় মাৰুতি ভেনৰ চালক সহ দুজন ।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহন খনৰ নম্বৰ AS 19 C 4624 আৰু মাৰুতি ভেন খনৰ নম্বৰ হ’ল AS 16 B 4075 ।
অৱশ্যে দুৰ্ঘটনা সংঘটিত হৈ যোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষীৰ দল। উপস্থিত হৈ চোৰাং গৰু ভৰ্তি বলেৰো বাহন আৰু মাৰুতি ভেন খন উদ্ধাৰ কৰি থানালৈ যায়।
এতিয়া প্ৰশ্ন হয় গো-সুৰক্ষা আইন বলবৎ হৈ থকাৰ মাজতো কেনেকৈ বিলাসীপাৰাত চলি আছে চোৰাং গৰুৰ সৰবৰাহ? গৰু চোৰ আৰু গো-মাফিয়াই প্ৰকৃতাৰ্থত বিলাসীপাৰা আৰক্ষীৰ চকুত ধূলি দি গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে নে? এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত বিলাসীপাৰা আৰক্ষীয়ে গো -মাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।
লগতে পঢ়ক : Bihar Man Held With Cannabis Worth Rs 4 Cr Seized : বোকাজানত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী