Local, Vocal, Global

Bihar Man Held With Cannabis Worth Rs 4 Cr Seized : বোকাজানত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী

নিউজ ডেস্ক,১৯মে’ : বোকাজানত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী । খটখটি আৰক্ষীৰ নাকা তালাচিত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা(Bihar Man Held With Cannabis Worth Rs 4 Cr Seized)।

ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী WB-76-B-2883 নম্বৰৰ ট্ৰাকত গোপন চেম্বাৰ লুকুৱাই আনিছিল গাঞ্জাখিনি। আৰক্ষীৰ তালাচীত জব্দ কৰে গাঞ্জাখিন

জানিব পৰা মতে, ৭৫ টা পেকেটত উদ্ধাৰ হয় গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনি ওজন প্ৰায় ৮কুইণ্টল( Bihar Man Held With Cannabis Worth Rs 4 Cr Seized In Bokajan)।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ইয়াৰ বজাৰ মূল্য চাৰি কোটি টকা হ’ব।

ইফালে গাঞ্জাসহ আৰক্ষীৰ জালত পৰে বিহাৰৰ মতিহাৰী জিলাৰ ৰাধেশ্যাম চাহানি নামৰ এটা সৰবৰাহকাৰী।

লগতে পঢ়ক : Assam Youth Goes Missing : মালদাৰ পৰা সন্ধানহীন বাক্সাৰ সৰুগাতিৰ গৌতম দাস