Local, Vocal, Global

Traffic Advisory Issued For IPL Match In Guwahati’s Barsapara Stadium : কাইলৈ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভ’ল্টেজ মেচ;মহানগৰীত বিশেষ পথ-নিৰ্দেশনা

নিউজ ডেস্ক,১৮মে’ : দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব আই পি এল মেচ । কাইলৈ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভ’ল্টেজ মেচ।

মেচৰ পূৰ্বে শনিবাৰে বৰ্ষাপাৰাত এ চি এৰ কাৰ্যকৰ্তা আৰু গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে সম্বোধন কৰে এক সংবাদমেল । সংবাদমেলযোগে জনোৱা অনুসৰি দেওবাৰে গুৱাহাটীৰ কেইবাটাও পথত গধুৰ যান-বাহন, মালবাহী বাহন আদিৰ আহ-যাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে(Traffic Advisory Issued For IPL Match In Guwahati’s Barsapara Stadium)।

সংবাদমেলত উল্লেখ কৰা পথ-নিৰ্দেশনা অনুসৰি

কাইলৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব বি কে কাকতি ৰোড, জি এছ ৰোড, এ কে আজাদ ৰোডত ।

এফ এ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোডতো বন্ধ থাকিব বাণিজ্যক বাহনৰ চলাচল।

জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড আৰু কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।

ইফালে সংবাদমেল যোগে জনোৱা অনুসৰি ৩ চকীয়া সামগ্ৰী কঢ়িওৱা বাহনো কৰিব নোৱাৰিব চলাচল।

ইয়াৰোপৰি আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ হ’ব একক পথ।

বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈও একক পথ।

বিয়লি ৪-৩০ বজালৈ অনুমতি নথকা বাহন উল্লেখিত পথসমূহত চলিবলৈ দিয়া নহ’ব।

অৱশ্যে জৰুৰীকালিন, স্কুল বাছ, স্থানীয় বাসিন্দা আদিৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়।