প্ৰকৃতিৰ নিয়মানুসৰি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং
নিউজ ডেস্ক,১৮মে’ : এতিয়া বতৰ এজাৰ ফুলাৰ! প্ৰকৃতিৰ নিয়মানুসৰি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং । এজাৰৰ বেঙুনীয়াৰ লগতে সোনাৰুৰ হালধীয়াই সৃষ্টি কৰিছে অপৰূপ সৌন্দৰ্য ।
নানাৰঙী ফুলৰ সমাহাৰেৰে মনোমুগ্ধকৰ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । কপৌ ফুলে বহাগক ৰিঙিয়াই মাতে আৰু এজাৰে বহাগক বিদায় দিয়ে। নানাৰঙী ফুলৰ সমাহাৰেৰে এতিয়া মনোমুগ্ধকৰ হৈ পৰিছে বোকাখাতৰ ৰাজপথ৷ প্ৰকৃতিৰ নিয়মানুসৰি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷
শীতে লঠঙা কৰা গছ লতিকাত বসন্তৰ আগমনৰ লগে লগে আহিল সেউজ আৱৰণ৷ এতিয়া এজাৰ,কৃষ্ণচূড়া ৰাধাচুড়াৰ লগতে সোণাৰুৰ হাঁহিয়ে যেন সাজু হৈছে বহাগক বিদায় দিবলৈ। এতিয়া গছ বিৰিখত ৰঙৰ সমাহাৰে অনন্য ৰূপত সজাই তুলিছে বোকাখাতৰ ৰাজপথ ৷
বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এজাৰৰ বেঙুনীয়াৰ লগতে সোনাৰুৰ হালধীয়া খিনিয়ে সৃষ্টি কৰিছে অপৰূপ সৌন্দৰ্যৰ৷ কেৱল ইমানেই নহয় সেউজীয়াৰ সমাহাৰেৰে আৱৃত ৰাজপথত বিৰিঙিছে কৃষ্ণচূড়াৰ তেজৰঙীণ হাহিঁ,ডাল ভৰি ফুলিছে ৰাধাচূড়া ৷
এতিয়া এজাৰ ফুলাৰ বতৰ। মনৰ অৱসাদ আতৰাবলৈকে যেন এতিয়া গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ পাঁহি। এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ। ফুলিছে সোণাৰুও। বাৰিষা আৰম্ভণিৰ সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰুৰ হালধীয়া হাঁহি। ইফালে বসন্তৰ পৰশ লাগি আকাশৰচৌদিশে ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়াৰ ফুল। তল সৰা ফুলে যেন পাতি দিছে ৰঙৰ দলিছা। বোকাখাতত পথৰ দুয়ো কাষে ফুলি উঠা কৃষ্ণ চূড়া, ৰাধা চূড়া, এজাৰ, সোণাৰুৰ ফুলে এতিয়া ভৰাই তুলিছে পথচাৰীৰ মন।
লগতে পঢ়ক : দেৰগাঁৱত হৰিজন সমাজৰ স্থায়ী ভূমি বিচাৰি পৌৰসভাত আবেদন