Local, Vocal, Global

Kejriwal’s aide Bibhav Kumar arrested by Delhi Police : অৱশেষত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ সাংসদ স্বাতী মালিৱাল আক্ৰমণ গোচৰৰ অভিযুক্ত বিভৱ কুমাৰ

নেশ্যনেল ডেস্ক,১৮মে’ : অৱশেষত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ সাংসদ স্বাতী মালিৱাল আক্ৰমণ গোচৰৰ অভিযুক্ত বিভৱ কুমাৰ ।

উল্লেখ্য যে, আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক ১৩ মে’ৰ দিনা কেজৰিৱালৰ চৰকাৰী আৱাসত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল বিভৱ কুমাৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাত কৰিবলৈ যোৱাৰ সময়তে স্বাতী মালিৱালক বিভৱ কুমাৰে প্ৰথমে অপদস্থ কৰি পৰৱৰ্তী সময়ত প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু দিল্লী আৰক্ষীক সেই দিনাই অৱগত কৰে(Kejriwal’s aide Bibhav Kumar arrested by Delhi Police)।

প্ৰথমে স্বাতীয়ে ঘটনা সন্দৰ্ভত কেৱল আৰক্ষীক অৱগত কৰিয়েই আৰক্ষী থানাৰ পৰা আঁতৰি গৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপিয়ে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী অকৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰিছিল। সেইদৰেই ৰাষ্ট্ৰীয় মহিলা আয়োগেও নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছিল। আপে প্ৰথমে স্বাতী মালিৱালৰ সপক্ষে থিয় দি এই ঘটনাক নিন্দা কৰি অৰবিন্দ কেজৰিৱালে নিজেই সমগ্ৰ ঘটনাত হস্তক্ষেপ কৰা বুলি সাংসদ সঞ্জয় সিঙে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছিল।

কিন্তু শুকুৰবাৰে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনাই এই ঘটনাৰ সৈতে বিভৱ কুমাৰ জড়িত নহয় বুলি কৈ এয়া বিজেপিৰ চক্ৰান্ত বুলিহে দাবী কৰিছিল। তেওঁ লগতে কৈছিল স্বাতীয়ে বিজেপিৰ চক্ৰান্তত অৰবিন্দ কেজৰিৱালক টাৰ্গেত কৰি আহিছিল যদিও তেওঁক নোপোৱাত বিভৱ কুমাৰকে এই ভুৱা অভিযোগত অভিযুক্ত কৰিছে।

কিন্তু ১৩ মে’ ত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে স্বাতীয়ে গোচৰ দিয়ে আৰু সেই গোচৰৰ ভিত্তিতে আজি বিভৱ কুমাৰৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ পৰা প্ৰথমে আটক কৰে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে।

আনহাতে ঘটনা সন্দৰ্ভত শুকুৰবাৰেই বিভৱ কুমাৰেও স্বাতীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দাখিল কৰে যদিও গোচৰ পঞ্জীয়ন হোৱা নাই।

লগতে পঢ়ক :Major Fire At Silchar Computer Coaching Centre : কম্পিউটাৰৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা