Sensational Incident : নৈত পৰি সলিল সমাধি ৫৫বছৰীয়া ব্যক্তিৰ
নিউজ ডেস্ক,১৮ মে’ : নৈত পৰি সলিল সমাধি ৫৫বছৰীয়া ব্যক্তিৰ ।
বকোৰ লেপগাঁও টিলাপাৰাত অঘটন। বকো নৈত পৰি মৃত্যু হয় এজন ব্যক্তিৰ। নিহত ব্যক্তিজন লেপগাওঁ টিলাপাৰাৰে উদয় শৰনীয়া (৫৫) বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, বকো নৈত বালি মহল চলোৱা খননৰ ফলত নৈখনৰ ঠায়ে ঠায়ে বহু দ হৈ পৰিছে। এনে এক দ-স্থানত পৰিয়েই উদয় শৰনীয়াৰ মৃত্যু হয়(Sensational Incident)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে নিহত উদয় শৰনীয়াক উদ্ধাৰ কৰি শুকুৰবাৰে নিশাই বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । বৰ্তমান নিহত লোকজনৰ মৃতদেহ বকো আৰক্ষী থানাত ৰখা । জানিব পৰা মতে মদ্যপান কৰাৰ ফলতে তেওঁ নৈখনৰ দ-স্থানত পৰি এইদৰে মৃত্যুক আকোৱালি লয়।
লগতে পঢ়ক : four cattle thieves arrested in dhemaji : ধেমাজিত আটক চাৰিটাকৈ গৰু চোৰক