Local, Vocal, Global

Daily Horoscope for 17th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক । আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে।

বৃষ ৰাশি : স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাৱি লওক।যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে।

মিথুন ৰাশি : আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে ,যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যা লৈ কম থাকিব।

কৰ্কট ৰাশি : আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আজি আপুনি যি সামাজিক কাৰ্যক্ৰমত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।

সিংহ ৰাশি : ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শন্তি ভংগ কৰিব পাৰে।মানসিক হেঁচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। আপোনাৰ ব্যৱহাৰ উদাৰ হোৱা জৰুৰী আৰু পৰিয়ালৰ লগত মৰম ভৰা সময় অতিবাহিত কৰক। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয় ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হব পাৰে।

কন্যা ৰাশি : বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। পৰস্পৰে পৰস্পৰৰ সমস্যা সমূহ ব্যক্তিগত ভাৱে সমাধান কৰিব। এই সমস্যা সমূহ অন্যৰ সন্মূখত দাঙি নধৰিব ,নহ’লে আপোনাৰ বদনাম আনিব পাৰে। আপুনি য’ত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। আজি আপোনাৰ জীৱন সংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হব।

তুলা ৰাশি : নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যা সমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব।

বৃশ্চিক ৰাশি : আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক ,বিশেষকৈ কোনোবা পাৰ্টীত চম্ভালি থাকক। কাৰণ এনেকুৱা হ’লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে।

ধনু ৰাশি : নিজৰ খোৱা-বোৱাৰ ওপৰত বিশেষ ধ্য়ান দিয়ক । বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগী সকল সময়ত খোৱা বোৱা কৰিব লাগে ,নহ’লে সিহতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ’ব। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। যি সকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল সিহঁত আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে।

মকৰ ৰাশি : জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক । যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। সৰু সুৰা কথালৈ আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। কামত আপুনি অধিক লাভান্বিত হব পাৰে।

কুম্ভ ৰাশি : আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক । ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বতেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ’ব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব ,সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। আ

মীন ৰাশি : প্ৰয়োজনতকৈ অধিক সময় পইচা খৰচ নকৰিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ শলঠেকত পৰিব পাৰে। ব্যৱসায়িক আলোচনাৰ মাজত কথকী আৰু ভাৱুক নহব ,যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে।