Boiler At Factory Explodes in Sonipat : হাৰিয়ানাত কাথা নিৰ্মাণ কাৰখানাত বয়লাৰ বিস্ফোৰণ;নিহত দুজন শ্ৰমিক,আহত ১০জন শ্ৰমিক
নেশ্যনেল ডেস্ক,১৬মে’ : হাৰিয়ানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ বুধবাৰে নিশা হাৰিয়ানাৰ শোণিপত কুণ্ডলী থানাৰ অন্তৰ্গত এটা কাথা নিৰ্মাণ কৰা কোম্পানীত বয়লাৰ বিস্ফোৰণ ঘটে । ফলত থিতাতে নিহত হয় দুজন শ্ৰমিক ৷ আহত হয় ১০ জনৰো অধিক শ্ৰমিক(2 Killed, 15 Injured As Boiler At Factory Explodes in Sonipat) ।
জানিব পৰা মতে, এই ভয়ংকৰ বিস্ফোৰণ ঘটনাটো সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলে কাৰখানাটোতে কাম কৰি আছিল । এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে নিমিষতে ওচৰতে নিৰ্মাণৰত অৱস্থাত থকা বহু অট্টালিকাৰো ক্ষতিসাধন হয় ৷ এই বিস্ফোৰণৰ ফলতে এটা অট্টালিকা ভাঙি পৰাৰো খবৰ পোৱা গৈছে ৷ আনকি, খহি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত বহু লোক পোত যোৱা বুলিও জানিব পৰা গৈছে ।
এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু ততাতৈয়াকৈ আহতলোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নাৰেলাৰ ৰাজা হৰিশ চন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে( Boiler At Factory Explodes in Sonipat) ।
লগতে পঢ়ক : illegal firearms seized in manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ