illegal firearms seized in manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ
নিউজ ডেস্ক,১৬মে’ : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ । অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । প্ৰায়ে প্ৰতিদিনে মণিপুৰত মাৰণাস্ত্ৰ জব্দৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ।
পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী । অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই থৌবাল জিলাৰ ফৌওঐবি এলেকাৰ পৰা জব্দ কৰে মাৰণাস্ত্ৰসমূহ( illegal firearms seized in manipur : )।
নিৰাপত্তা বাহিনীৰ অভিযান কালত ম্যানমাৰত নিৰ্মিত ১টা MA-3 Aslt Rifle, ১টা RPG Shell, ২টা 81mm Mortar Shell,৩টা Detonator, ৩টা 36 HE Hand Grenade, ১টা IED, ৪টা tear smoke shellসহ বুজন পৰিমাণৰ সতেজ গুলি আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে।