Bus-Lorry Collision On Chennai-Trichy National Highway : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছৰ খুন্দা লৰিত;নিহত ৪জন,আহত ১৫জন
নেশ্যনেল ডেস্ক,১৬মে’ : তামিলনাডুৰ মাদুৰন্তকামত ভয়ংকৰ বাছ দুৰ্ঘটনা। চেন্নাই-তৃচি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(4 Dead, Over 15 Injured In Bus-Lorry Collision On Chennai-Trichy National Highway)।
জানিব পৰা মতে,বুধবাৰে নিশা ট্ৰাকক অভাৰটেক কৰিবলৈ গৈ যাত্ৰীবাহী বাছৰ খুন্দা লৰিত ।ফলত চাৰিজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ১৫জনকৈ লোক(4 Dead, Over 15 Injured In Bus-Lorry Collision On Chennai-Trichy National Highway) ।
এই ভয়ংকৰ দুৰ্ঘটানটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আহত আৰু নিহত লোকসকলক উদ্ধাৰ কৰি চেংগলপট্টু চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।