Local, Vocal, Global

ED arrests Jharkhand minister Alamgir Alam in money laundering case : গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলম

নেশ্যনেল ডেস্ক,১৬মে’ : গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলম । বুধবাৰে EDয়ে গ্ৰেপ্তাৰ কৰে গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীক ।

উল্লেখ্য যে বুধবাৰে বলৱৎকাৰী সঞ্চালকালয়ে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰে। তেওঁৰ ব্যক্তিগত সচিবৰ ঘৰুৱা সহায়ৰ ঘৰৰ পৰা ৩৫ কোটি টকা উদ্ধাৰ কৰে। মঙলবাৰে নগদ ধন জব্দ কৰাৰ সন্দৰ্ভত প্ৰায় ১০ঘন্টা জেৰা কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰে মন্ত্ৰীজনক(ED arrests Jharkhand minister Alamgir Alam in money laundering case)।

ইফালে যোৱা ৬ মে’ত ইডিয়ে মন্ত্ৰীজনৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা পৰিচাৰক জাহাংগীৰ আলমৰ ঘৰত তালাচী চলাইছিল । তালাচীত নগদ কেইবা কোটি টকা উদ্ধাৰ কৰে। ইয়াৰ পাছতেই সঞ্জীৱ লাল আৰু জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰে ইডিয়ে ।

লগতে পঢ়ক : Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি;চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা