Local, Vocal, Global

Tragic Accident in Rupohihat : তীব্ৰবেগী উদণ্ড বাইকৰ খুন্দাত নিহত চাইকেল আৰোহী

ৰূপহীহাট,১৬মে’ : তীব্ৰবেগী উদণ্ড বাইকৰ খুন্দাত নিহত চাইকেল আৰোহী, আহত এজন ।

ৰূপহীহাটৰ কাৱৈমাৰী ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে কাৱৈমাৰী আৰক্ষী পহৰা চকীৰ এলেকাৰ পুথিখাইটিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এজন তীব্ৰ বেগী উদণ্ড বাইক চালকে মহতিয়াই নিয়ে চাইকেল আৰোহীক। ফলত থিতাতে নিহত হয় আৰোহীজন। আহত হয় আন এজন । নিহত চাইকেল আৰোহীজন জাকিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে(Tragic Accident in Rupohihat)।

আনহাতে উদণ্ড বাইক চালক জন কাৱৈমাৰীৰ ইনামুল হক বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাইজৰ তৎপৰতাত উদণ্ড বাইক ইনামুল হকক আটক কৰি কাৱৈমাৰী আৰক্ষীক গতাই দিয়ে।

ইফালে বাইক আৰোহী এজন গুৰুতৰ ভাবে আহত হোৱাত কাৱৈমাৰী এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত আহত লোকজনক উন্নত চিকিৎসাৰ বাবে নগাওঁ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। লগতে দুৰ্ঘটনাত নিহত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : Drugs Peddlers Arrested in Karimganj : কৰিমগঞ্জত বুজন পৰিমানৰ হেৰ’ইনৰসহ আটক সৰবৰাহকাৰী