Former Assam Minister Thaneswar Boro hospitalised : গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো

নিউজ ডেস্ক,১৪মে’ : গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো (Thaneswar Boro)।যোৱা এসপ্তাহে ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো।
ক্ৰমাত স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বড়োৰ(Former Assam Minister Thaneswar Boro hospitalised)।
জানিব পৰা মতে, অগপ দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়ো যকৃৎ, মধুমেহ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছে ।
সোমবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী তথা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ বিশেষ তৎপৰতাত অগপ দলৰ সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীৰ সহযোগিতাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চি এন চেণ্টাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হয়।গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা বিশেষ এম্বুলেঞ্চযোগে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ পৰা চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়।
অগপ দলৰ পৰা লাভ কৰা তথ্য অনুসৰি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই থানেশ্বৰ বড়োৰ উন্নত চিকিৎসাৰ বাবে চি এন চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ নেতৃত্বত আটাইকেইটা বিভাগৰ চিকিৎসকক লৈ এটা গোট গঠন কৰি দিয়ে আৰু প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক সকলো প্ৰকাৰৰ চিকিৎসা প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে। অগপৰ দুই মন্ত্ৰীৰ এই পদক্ষেপক ৰঙিয়া বিভিন্নজনে শলাগ লৈছে।
লগতে পঢ়ক : Night Bus Targeted by Stone-Throwing Miscreants : নৈশবাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ