Health benefits of blackberry : অনেক উপকাৰিতাৰে ভৰপূৰ জামু

জামু হৈছে এবিধ উত্তম ফল৷ ক’লা জামুত যথেষ্ট পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C ৰ লগতে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ জামু এবিধ সুস্বাদু ফল ।
ক’লা জামু ভালকৈ ধুই লৈ ক’লা নিমখ সানি খাই বৰ ভাল লাগে। ক’লা জামুত চুক্ৰ’জ একেবাৰেই নাথাকে৷ ফলস্বৰূপে, ক’লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷ জামুৰে জাম,জেলী,চৰ্বত তৈয়াৰ কৰা হয় জামুত আছে অনেক গুণাগুণ(Health benefits of blackberry) ।
ক’লা জামুৰ গুটিত জামভলিন থাকে৷ যি শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে ৷ ফলস্বৰূপে, ক’লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে৷ ।
মে মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় জামু। সোৱাদত কোনোবাটো মিঠা, কোনোবাটো টেঙা-মিঠা আছে যদিও স্বাস্থ্যৰ বাবে বহুত উপকাৰি।
চিকিৎসকে ক’লা জামু খোৱাৰ পৰামৰ্শ দিয়ে, বিশেষকৈ ডায়েবেটিচ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলক।
আহক আজি আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো….
ডায়েবেটিছ ৰোগীৰ বাবে জামু এবিধ উত্তম ফল ।জামু সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয় ।
ক’লা জামুত ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা, লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা ক্ষমতা থাকে।
বয়সস্থ লোকে জাম খালে অষ্টিঅ’পৰোছিছ ৰোগ নিয়ন্ত্ৰণ হয় ।
জামু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ।
ক’লা জামুত চুক্ৰ’জ একেবাৰেই নাথাকে৷ ফলস্বৰূপে, ক’লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷
কলা জামু খালে উচ্চ ৰক্তচাপ হ্ৰাস হয় ।
লিভাৰৰ ৰোগৰ উপশম ঘটে
কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস হয় ।