Golaghat Outraged by ‘Babashyam’ Death : গোলাঘাট আৰক্ষীৰ গুলীত আহত বাবা শ্যামৰ মৃত্যু

নিউজ ডেস্ক,১৩মে’ : গোলাঘাট আৰক্ষীৰ গুলীত আহত বাবা শ্যামৰ মৃত্যু। JMCH ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বাবা শ্যামৰ (Golaghat Outraged by ‘Babashyam’ Death) ।
উল্লেখ্য যে, যোৱা ৩০ এপ্ৰিলৰ দিনৰ ভাগত গোলাঘাটৰ কুমাৰপট্টিত চোকা অস্ত্ৰৰে দুগৰাকী লোকক আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছিল বাবা শ্যামৰ বিৰুদ্ধে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতে বাবা শ্যামক উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈছিল বাবা শ্যাম।বিগত ১২টা দিন ধৰি চিকিৎসাধীন হৈ আছিল বাবা শ্যাম। অৱশেষত চিকিৎসালয়ৰ বিচনাতে মৃত্যু হ’ল বাবা শ্যামৰ। পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে, মানসিকভাৱে অসুস্থ আছিল বাবা শ্যাম(Death of ‘Babashyam’ Sparks Outrage in Golaghat, Calls for Justice Against Police Shooting)।
এই ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে কুমাৰপট্টিত। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ন্যায়ৰ দাবী তুলি পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব চৰকাৰক ল’বলৈ আহ্বান জনাই ৰাইজে।