Local, Vocal, Global

Tragic Accident in Gossaigaon : টাটা মেজিক আৰু কাঠ ভৰ্তি নম্বৰ বিহীন বলেৰো পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৯জন

গোসাঁইগাঁও,১৩মে’ : ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত ৯জন । গোসাঁইগাঁৱৰ হাছৰাওবাৰিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ।

সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Accident in Gossaigaon) ।

জানিব পৰা মতে, As-16-C- 3540 নম্বৰৰ টাটা মেজিক আৰু কাঠ ভৰ্তি নম্বৰ বিহীন বলেৰো পিকআপৰ লগত মুখ-মুখি সংঘৰ্ষ হয় । ফলত দ্ৰুত বেগী বলেৰো পিকআপৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় ৯ জনকৈ লোক ।

আহতলোককেইজন ক্ৰমে অলম্বাৰ নাৰ্জাৰি (২৫),অনিৰুধন হাজোৱাৰি (১৭), ৰশ্মিতা নাৰ্জাৰি (০৮), জেক্সোন নাৰ্জাৰি (০২), মিঠুন নাৰ্জাৰি (৩৫),ৰশ্না বড়ো, মঞ্জিত ঈশোৱাৰি (৬০), দাংস্বৰাং বসুমতাৰী (০৪) বুলি চিনাক্ত কৰা হৈছে ।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে কাঠ ভৰ্তি নম্বৰ বিহীন বলেৰো পিকআপ বাহনখনৰ চালক জন ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত সাপকাটা আৰক্ষী উপস্থিত হয় আৰু আহত লোক সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি গোসাঁইগাওঁ আৰ,এন,বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : Former Tezpur MP Iswar Prasanna Hazarika Passes Away at 88 : তেজপুৰৰ প্ৰাক্তন সাংসদ লখিমপুৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান