Local, Vocal, Global

Former Tezpur MP Iswar Prasanna Hazarika Passes Away at 88 : তেজপুৰৰ প্ৰাক্তন সাংসদ লখিমপুৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক,১৩মে’ : তেজপুৰৰ প্ৰাক্তন সাংসদ লখিমপুৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান । সোমবাৰে পুৱা ৯.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেজপুৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে ।

৮৮ বছৰ বয়সত শেষ নিশ্বাম ত্যাগ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে(Former Tezpur MP Iswar Prasanna Hazarika Passes Away at 88) ৷

জানিব পৰা মতে, বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতা গৰাকীয়ে বৃক্ক আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ আছিল ।হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীৰ ওখলাৰ ফৰ্টিজ হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু সোমবাৰে পুৱা ৯-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

মৃত্যুৰ সময়ত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দুই পুত্ৰ আৰু কন্যাক ইহসংহাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক : Lok Sabha Elections 2024 Phase 4 : আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ;পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া