Local, Vocal, Global

Union Minister Sarbananda Sonowal departs for Iran : ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক,১৩মে’ : ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি পুৱাই ইৰাণলৈ ভাৰতীয় বিমান বাহিনীৰ এখন বিশেষ বিমানযোগে ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে ইৰাণলৈ ৰাওনা হয় সোণোৱাল। বন্দৰক লৈ ইৰাণৰ সৈতে চুক্তি স্বাক্ষৰৰ সম্ভাৱনা আছে। এই ঐতিহাসিক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব সৰ্বানন্দ সোণোৱালে। এই চুক্তিয়ে ভাৰতৰ বাবে মুকলি কৰিব নতুন বাণিজ্যিক পথ(Union Minister Sarbananda Sonowal departs for Iran)।

এয়া ভাৰতৰ বাবে এক কৌশলগত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। কিয়নো ই পাকিস্তানৰ কৰাচীৰ লগতে গ’ৱাদৰ বন্দৰক উপেক্ষা কৰি দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ মাজত ইৰাণ হৈ ভাৰতৰ বাবে এক নতুন বাণিজ্যিক পথ মুকলি কৰিব। এই পদক্ষেপে ব্যৱসায়ৰ বাবে সংবেদনশীল আৰু ব্যস্ত পাৰস্য উপসাগৰ আৰু হৰমুজ প্ৰণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ অন্বেষণ কৰাৰ বাবেও অৰ্থনৈতিক সুযোগৰ নতুন দিশ মুকলি কৰিব।

লগতে পঢ়ক : Padma Shri Awardee and anti-witch hunting activist Birubala Rabha passes away : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই