Local, Vocal, Global

Son Brutally Killed Mother : মাতৃ দিৱসৰ দিনাই কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃ

শিৱসাগৰ,১২মে’ : মাতৃ দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । মাতৃ দিৱসৰ দিনাই কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ( Son Brutally Killed Mother) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল শিৱসাগৰ। মাতৃ দিৱসৰ দৰে এটা পৱিত্ৰ দিনত নিজ মাতৃক জীৱন্তে জ্বলাই দিলে পুত্ৰই।

বুকু কপিঁ যোৱা এই ঘটনাটো সংঘটিত হৈছে শিৱসাগৰৰ চামগুৰি ৰজাবাম ডিব্ৰুৱালত। নিজ পুত্ৰই জীৱন্তে ঘৰৰ চোতালত জ্বলাই দিয়ে মাতৃক । মৃত মহিলাগৰাকীৰ নাম বীণা গগৈ।অভিযুক্ত পুত্ৰ মানস গগৈ বুলি জানিব পৰা গৈছে।ইতিমধে আৰক্ষীয়ে কুলাংগাৰ পুত্ৰ মানস গগৈক গ্ৰেপ্তাৰ কৰিছে।

ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়াই সদৰি কৰা অনুসৰি, বৃদ্ধাগৰাকীক চোতালতে জীয়াই জীয়াই খৰি জাপি জ্বলাই দিলে পুত্রই। দীৰ্ঘদিন ধৰি মদৰ নিচাত মাতাল হৈ পুত্রই মাতৃক শাৰীৰিক নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক : Char Dham Yatra 2024 : দেওবাৰে পুৱা ৬ বজাত নিৰ্দিষ্ট ৰীতি-নীতিৰ জৰিয়তে মুকলি কৰা হ’ল বদ্ৰীনাথ ধাম